3 May 2020
What will be Opened and closed | Lock Down Rules by Government of Assam
- কাৰ্ফিউ ৬ টাৰ পৰা জাৰি কৰা হ’ব যদিও, ৫ বজাতে দোকান-পোহাৰ বন্ধ কৰিব লাগিব
- সোমবাৰৰ পৰা অকলে থকা দোকানসমূহ নগৰ-চহৰ সকলোতে খুলিব পাৰিব আবেলি ৫ বজালৈ।
- পথৰ দুয়োকাষে থকা দোকানসমূহৰ ক্ষেত্ৰত প্রথমখন দোকান খোলা থাকিলে তাৰে দুয়োফালে থকা দুখন দোকান বন্ধ থাকিব লাগিব।
- কিন্তু দুয়োফালে বন্ধ ৰাখিব লগা দোকানসমূহ যদি ফাৰ্মাচী বা গেলামাল দোকান হয় তেন্তে সেই কেইখনক অন্তৰ্ভুক্ত কৰি এক তৃতীয়াংশ দোকান খুলিব লাগিব।
- একেলগে লাগি থকা দোকানসমূহৰ এক তৃতীয়াংশ দোকানহে খোলা থাকিব।
- পুৱা দোকান খোলাৰ পাছত ৫ বজাতে বন্ধ কৰিব লাগিব এই দোকানসমূহ।
- পুৱা পৰা আৱেলি ৫ বজালৈ সকলো কিতাপৰ দোকান খোলা থাকিব।
- সোমবাৰৰ সকলো ধৰণৰ নিৰ্মাণকাৰ্য আৰম্ভ হ’ব ,৫০ শতাংশ শ্ৰমিকৰ জৰিয়তে এই কাম কৰিব লাগিব ,ৰাস্তা-পদূলি, বিল্ডিং, বিদ্যুৎ, নিজৰ ঘৰ আদি সকলোৰে নিৰ্মাণ কাৰ্য কৰিব পাৰিব।
- ৰাজ্যৰ ভিতৰত আন্তঃজিলা আৰু অন্তজিলা দুয়োটাৰ ক্ষেত্ৰত বাছ সেৱা আৰম্ভ কৰা হ’ব
- ব্যক্তিগত খণ্ডৰ বাছো এ এছ টি চিৰ অধীনত চলিব লাগিব। সকলো ধৰণৰ প্ৰাইভেট বাছ ASTC ৰ অনুমতি সপেক্ষেহে চলাব লাগিব ।
- এই বাছসমূহত ৫০ শতাংশ যাত্ৰী যাব পাৰিব।
- ৰেড আৰু অৰেঞ্জ জ’নত কোনো যাত্ৰীবাহী বাছ চলাচল কৰিব নোৱাৰিব।
- ৰেড জ’নৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথ বা ৰাজ্যিক ঘাইপথেৰে গাড়ী চলাচল কৰিব পাৰিব , কিন্তু সেই স্থানত কোনো গাড়ী ৰখাব নোৱাৰিব।
- মাৰ্কেট এছ’চিয়েশ্যনে আলোচনা কৰি কোনে কোন দিনাখন দোকান খুলিব পাৰিব সিদ্ধান্ত ল’ব লাগিব।
- অট’, ৰিক্সা, টেক্সীত এজন ড্ৰাইভাৰ আৰু দুজন যাত্ৰী যাব পাৰিব।
- উবেৰ, অ’লাত এজন ড্ৰাইভাৰ আৰু দুজন যাত্ৰী যাব পাৰিব।
- দুচকীয়া বাহনত পিছফালে কাকো বহাব নোৱাৰিব।
- কিন্তু মহিলা বা ১২ বছৰৰ তলৰ শিশু দুচকীয়া বাহনত বহি যাব পাৰিব।
- কিন্তু তিনিজনেই একেলগে দুচকীয়া বাহনত যাব নোৱাৰিব।
- ৰাজ্যৰ ভিতৰত আন্তঃজিলা আৰু অন্তজিলা দুয়োটাৰ ক্ষেত্ৰত বাছ সেৱা আৰম্ভ কৰা হ’ব ৪ মে’ৰ পৰা।
- ব্যক্তিগত খণ্ডৰ বাছো এ এছ টি চিৰ অধীনত চলিব লাগিব।
- সকলো ধৰণৰ প্ৰাইভেট বাছ এ এছ টি চিৰ অনুমতি সপেক্ষেহে চলাব লাগিব।
- সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ সৰ্বাত্মকভাৱে কাৰ্ফিউ জাৰি।
- ৪ মে’ৰ পৰা কাৰ্যকৰী হ’ব এই নিয়ম।
- ফাৰ্মাচীৰ বাদে কোনো ধৰণৰ দোকান বা প্ৰতিষ্ঠান খোলা নাথাকিব এই সময়চোৱাত।
- চিকিৎসা, সংবাদমাধ্যম, চৰকাৰী কাৰ্যালয়ৰ বিষয়াৰ বাহনসমূহহে এই সময়ত চলিব।
- ইফালে কোনো লোক অকাৰণতে ঘূৰি ফুৰিব নোৱাৰিব।
- যদি উলংঘন কৰে তেন্তে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।
- চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ত কৰ্মৰত মহিলাৰ বাবে বিশেষ নিৰ্দেশ।
- ঘৰৰ ৫ বছৰৰ তলৰ সন্তান থকা মাতৃয়ে যাব নোৱাৰিব কাৰ্যালয়লৈ।
- চৰকাৰী-বেচৰকাৰী কোনো কাৰ্যালয়লৈ কাম কৰিবলৈ যাব নোৱাৰিব এনে মহিলা কৰ্মচাৰী।
- সাপ্তাহিক বজাৰসমূহ বন্ধ থাকিব।
- মাছৰ বজাৰ বন্ধ ৰাখিব লাগিব।
- একেলগে পাৰ্টছৰ বিভিন্ন দোকানসমূহ পৰ্যায়ক্ৰমে খুলিব পাৰিব।
- সকলো একেই দিনাই খুলিব নোৱাৰিব দোকান।
- বিয়া, সভা, ধৰ্মীয় অনুষ্ঠান, ৰাজহুৱা সভা সকলোবোৰ সম্পূৰ্ণ ৰূপে বন্ধ থাকিব।
- চিনেমা হল, মাল্টি প্লেক্স, ছুইমিং পুল, ব্যামগাৰ আদি বন্ধ থাকিব।
- স্কুল-কলেজ সমূহৰ সন্দৰ্ভত মঙলবাৰে ল’ব শিক্ষা বিভাগে সিদ্ধান্ত।
- অৰেঞ্জ জ’নত কেৱল গেলামাল দোকান, ফাৰ্মাচী আৰু শাক-পাচলিৰ দোকানহে খুলিব পাৰিব।
- কোনো জীৱ-জন্তু লৈ প্ৰৱেশ কৰিব নোৱাৰিব গাড়ী।
- অৰেঞ্জ জিলাসমূহত পূৰ্বৰ দৰে থাকিব নিষেধাজ্ঞা।
- বঙাইগাঁও জিলাক অৰেঞ্জ জ’নত অন্তৰ্ভুক্ত কৰে ৰাজ্য চৰকাৰে।
- অসমৰ চাৰি জিলাক অৰেঞ্জ জ’ন হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে।
- সেই জিলা কেইখন হ’ল-মৰিগাঁও, ধুবুৰী, গোৱালপাৰা আৰু বঙাইগাওঁ।
- লকডাউনৰ সময়ত শিথিল কৰা নিয়মসমূহ প্ৰযোজ্য হ’ব কেৱল গ্ৰীণ জ’নত।
- যি সকল লোকে বাহিৰলৈ ওলাই আহিব তেওঁলোকে মাস্ক পিন্ধাতো বাধ্যতামূলক।
- যিকোনো কাম কৰোতে মাস্ক পিন্ধাতো বাধ্যতা মূলক কৰা হৈছে।
- দোকানীসমূহে কৰ্মচাৰীসকলক যোগান ধৰিব লাগিব মাস্ক।
- মানি চলিব লাগিব সামাজিক দূৰত্ব।
- যিকোনো মূল্যৰ বিনিময়ত ৬৫ বছৰৰ ওপৰৰ ব্যক্তি ওলাই আহিব নোৱাৰিব ঘৰৰ বাহিৰলৈ।
- ১২ বছৰৰ তলৰ শিশু ওলাব নোৱাৰিব ঘৰৰ বাহিৰলৈ।
- ৪ মে’ৰ পৰা খুলিব পাৰিব চাহৰ দোকান, ৰেষ্টুৰেন্ট।
- কিন্তু সেই দোকানসমূহৰ সন্মুখত বহি খাব নোৱাৰিব।
- তাৰ পৰা খাদ্য সামগ্ৰী সংগ্ৰহ কৰি লৈ যাব লাগিব।
- সকলো ধৰণৰ চৰকাৰী-বেচৰকাৰী কাৰ্যালয় খুলিব ৪ মে’ৰ পৰা।
- এই কাৰ্যালয়সমূহত ৫০ শতাংশহে কৰ্মচাৰী উপস্থিত থাকিব পাৰিব।
- আইচ পাৰ্লাৰসমূহো ৪ মে’ৰ পৰা খোলা দিয়া হ’ব।
- খুলিব নোৱাৰিব বিউটি পাৰ্লাৰ, চেলুন।
- নাপিতে ঘৰে ঘৰে গৈ কাটিব পাৰিব চুলি।
- চিকিৎসালয়ৰ ক্ষেত্ৰত ১০০ শতাংশ কৰ্মচাৰী উপস্থিত থাকিব পাৰিব।
- চৰকাৰী-বেচৰকাৰী সকলো চিকিৎসালয়ৰ ক্ষেত্ৰতেই প্ৰযোজ্য হ’ব এই নিয়ম।
- পান-তামোলৰ দোকানসমূহ খুলিব পাৰিব।
- পদপথত থকা পান-দোকানসমূহ খুলিব নোৱাৰিব।
- সোমবাৰৰ পৰা চলিব গুৱাহাটীত চিটী বাছ।
- থিয় হৈ যাত্ৰী যাব নোৱাৰিব বাছত।
- ৫০শতাংশ যাত্ৰীহে নিব পাৰিব চিটী বাছসমূহে।
- আৰক্ষীয়ে চোকা দৃষ্টি ৰাখিব এই বিষয়টোত।
- এ এছ টি চিৰ অধীনত চলিব চিটী বাছসমূহ।
- ব্যক্তিগত খণ্ডৰ বাছ চালকে ৫০ শতাংশ যাত্ৰীৰে লোকচান কৰি চলাব নে নচলাব সেই সিদ্ধান্ত নিজেই ল’ব লাগিব।
- খুলি দিয়া হোৱা নাই কোনো জলপথ।
- ফেৰী সেৱা সম্পূৰ্ণ ৰূপে বন্ধ আছে।
- শিল্পী সকলে ৰেকৰ্ডিং কৰিব পাৰিব গীত।
- কিন্তু তেওঁলোকে দৰ্শকৰ সন্মুখত পৰিৱেশন কৰিব নোৱাৰিব গীত।
- ধাৰাবাহিকসমূহৰ দৃশ্যগ্ৰহণ কৰিব নোৱাৰিব।
- কিয়নো মেক-আপ অৰ্থাৎ বিউটিপাৰ্লাৰ সমূহৰ ওপৰত বাধা দিয়া হৈছে।
- মেক-আপ নোলোৱাকৈহে কৰিব পাৰিব শ্বুটিং।
- কেন্দ্ৰীয় চৰকাৰে চেলুনসমূহ খুলিবলৈ নিৰ্দেশ দিলেও কোভিড-১৯ সংক্ৰমিত হোৱাৰ শংকাত ৰাজ্য চৰকাৰে বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে।
- ৬৫ বছৰ উৰ্ধৰ চিকিৎসকে খুলিব নোৱাৰিব চেম্বাৰ।