Krishan Credit Card , KCC Fishery Loan Scheme : Know about Krishan Credit Card

Share to your near and dear ones
  • 5
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
    5
    Shares

Krishan Credit Card , KCC Fishery Loan Scheme

Krishan Credit Card , KCC Fishery Loan Scheme :

কেন্দ্ৰীয় চৰকাৰৰ নীতি-নিৰ্দেশনাৰ আধাৰত অসম চৰকাৰৰ মীন বিভাগে মীন খণ্ডৰ লগত জড়িত মাছ পালক, মাছমৰীয়া, মাছ বিক্ৰেতা আদিৰ বাবে Krishan Credit Card , KCC Fishery প্ৰদানৰ এক বলিষ্ঠ অভিযান
আৰম্ভ কৰিছে। অহা আগষ্ট মাহৰ ভিতৰতে ৰাজ্যখনত ২.৫০ (আঢ়ৈ)লাখ পুৰুষ-মহিলাক সামৰি ল’ব খোজা এই অভিযানত সাধাৰণ মাছ পালক, মাছমৰীয়া, মাছ বিক্ৰেতা আদিৰ বাবে আঁচনিখন যথেষ্ট সৰলীকৃত
ৰূপত ৰাইজৰ মাজলৈ আগুৱাই নিয়াৰ প্রয়াস কৰা হৈছে যাতে ৰাজ্যখনত মীন খণ্ডৰ উন্নয়ন ত্বৰান্বিত কৰিব পাৰি। এই জাননীৰ যোগেদি উক্ত অভিযানৰ অংশীদাৰ হ’বলৈ সকলোকে আহ্বান জনোৱা হ’ল।

KCC Fishery ৰ জৰিয়তে আপুনি কি কি আঁচনি ল’ব বিচাৰে?

১) মাছ পালনৰ বাবে প্রয়োজনীয় খাদ্য, মাছৰ পোনা, চূণ সাৰ ইত্যাদি কিনাৰ বাবদ-
২) বিলত মাছ-পোনা মেলাৰ বাবে পোনা কিনাৰ বাবদ-
৩) মাছৰ পোনা পৰিবহণ/ মাছ পৰিবহণৰ বাবে চাইকেল, হাণ্ডি ইত্যাদি কিনাৰ বাবদ-
৪) মাছমৰীয়াসকলৰ জাল, নাও, হাণ্ডি ইত্যাদি কিনাৰ বাবদ-

খ) KCC Fishery পোৱাৰ বাবে আপুনি কি কি নথি পত্ৰ জমা দিব-

১) যথাযথভাৱে আবেদনপত্ৰ পূৰণ
২) দুই কপি নতুন ৰঙীণ পাছপোৰ্ট ফটো
৩)Identity and Address Proof ৰ বাবে voter id / Pan Card / Adhaar Card / Driving License  ইত্যাদিৰ ফটো কপি
৪) মাটি থকা প্রমাণপত্ৰ। জমাবন্দিৰ ফটো কপি
৫) বেংক পাছবুকৰ প্রথম পৃষ্ঠাৰ ফটো কপি
৬) পেন কাৰ্ডৰ ফটো কপি
৭) জিলা মীন বিষয়াৰ দ্বাৰা মাছমৰীয়া, মাছ মৰাৰ অভিজ্ঞতাৰ প্রমাণপত্ৰ বিশদ বিৱৰণৰ বাবে জিলা মীন উন্নয়ন বিষয়া, মহকুমা মীন উন্নয়ন বিষয়া, স্থানীয় মীন উদ্নয়ন বিষয়া আদিৰ লগত
যোগাযোগ কৰক।

Address :

জিলা মীন উন্নয়ন বিষয়া
নগাঁও (অসম)
যোগাযোগ নং-৯৯৫৪৪২৮১৫০
Email : dfdonagaon@gmail.com

 

 

 

 


Share to your near and dear ones
  • 5
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
    5
    Shares

Add a Comment

Your email address will not be published. Required fields are marked *