Assam Govt Scholarship 2020 : Scholarship for Differently Abled Students in Assam 2020
Last Date : 30 July,2020
Assam Govt Scholarship 2020 | Scholarship for Differently Abled Students in Assam 2020 :
অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ অন্তৰ্গত “দিব্যাংগ ছাত্ৰ-ছাত্ৰীৰ বাবে জলপানী আঁচনি” (Scholarship for Differently Abled Students in Assam )ৰ অধীনত ইচ্ছুক ছাত্ৰ-ছাত্ৰীৰ পৰা চলিত বিত্তীয় বৰ্ষৰ বাবে
আবেদন পত্ৰ বিচৰা হৈছে। এই আঁচনিৰ অধীনত প্রতিজন ছাত্ৰ-ছাত্ৰীয়ে মাহে ২০০.০০ (দুশ) টকাকৈ লাভ কৰিব। ইচ্ছুক বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীয়ে আবেদনপত্ৰসমূহ ইং ৩০, জুলাই, ২০২০ৰ ভিতৰত সংশ্লিষ্ট জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্য্যালয়ত দাখিল কৰিব লাগিব। আবেদনৰ প্র-পত্ৰ জিলা সমাজ কল্যাণ বিষয়াৰ
কাৰ্য্যালয়ত পোৱা যাব।
Scholarship : Rs 200 per month
আবেদনপত্ৰসমূহ জিলা সমাজ কল্যাণ বিষয়াই পৰীক্ষা কৰি তালিকাসহ (Hard & Soft copies in MS Excel) ধস্তুত কৰি ইং ২০, আগষ্ট, ২০২০ ভিতৰত সমাজ কল্যাণ সঞ্চালকালয়লৈ প্ৰেৰণ কৰিব লাগিব। কোনো
কাৰণতে সমাজ কল্যাণ বিভাগ, দিশপুৰ অথবা সমাজ কল্যাণ সঞ্চালকালয়ৰ উজান বজাৰস্থিত কাৰ্য্যালয়ত পোনপটীয়াভাৱে দাখিল কৰা আবেদন গ্রহণ কৰা নহ’ব।
আবেদনৰ বাবে প্ৰয়োজনীয় চৰ্তাৱলী :
১) আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব (স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ গাঁঠি দিব)।
২) ছাত্ৰ-ছাত্ৰীসকলৰ ৪০% বা ততোধিক শাৰীৰিক প্রতিবন্ধকতা থকাৰ প্রমাণপত্ৰ থাকিব লাগিব (অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ প্রমাণপত্ৰ অথবা UDID Card)
৩) আবেদনকাৰী বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা হ’ব লাগিব।
৪) আবেদনপত্ৰৰ লগত একপি পাছপোৰ্ট আকাৰৰ ফটো গীঠি দিব লাগিব।
৫) আবেদনকাৰীৰ গু-পত্ৰসমূহ অধ্যয়ন কৰি থকা শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীৰ স্বাক্ষৰ সম্বলিত হ’ব লাগিব।