গাওঁবুঢ়া পদৰ বাবে আবেদন 2020 : Recruitment for the Post of Gaon Burha

Share to your near and dear ones
  • 10
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
    10
    Shares

Assam Pension Scheme for Journalists


Interview Date : 22 July ,2020

শিৱসাগৰ জিলাৰ তলত উল্লেখ কৰা ৰাজহ চক্ৰু সমূহৰ অন্তৰ্গত গীও অথবা গীওসমূহত খালি হৈ থকা চৰকাৰী গাঁওবুঢ়া পদসমূহ,পূৰণ কৰিবৰ বাবে স্থানীয় উপযুক্ত প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। আবেদনকাৰীয়ে অসম গেজেটৰ খণ্ডIX ত গুকাশিত Standard Form আবেদন কৰিব লাগিব। আবেদনকাৰীয়ে কোনখন  গাঁওৰ গাঁওবুঢ়া পদৰ বাবে আবেদন কৰে তেন্তে সেই গাঁওৰ নাম উল্লেখ কৰাৰ লগতে আবেদনকাৰী telephone নম্বৰ স্পষ্টকৈ প পত্ৰত উল্লেখ কৰাটো বাধ্যতামূলক

কোন কোন গাঁওৰ বাবে ওলাইছে

  1. শিৱসাগৰ  ৰাজহ চক্ৰ / বেতবাৰী মৌজা / আখৈফুটীয়া গাঁও
  2. আমগুৰি ৰাজহ চক্ৰ / শলগুৰি মৌজা / খনিকৰ গাঁও
  3. আমগুৰি ৰাজহ চক্ৰ / শলগুৰি মৌজা / লুনপুৰীয়া আৰু নামতিয়াল গাঁও
  4. ডিমৌ ৰাজহ চক্ৰ / বকতা মৌজা / হলগুৰি বাগিচা, মহখুটি প্ৰান্ত আৰু আমলাগুৰি প্ৰান্ত
  5. ডিমৌ ৰাজহ চক্ৰ / বকতা মৌজা / জাপিসজীয়া দেওধাই গাঁও

অৰ্হতাসমূহ

  •  স্থায়ী বাসিন্দা হ’ব লাগিব।
  • আবেদনকাৰীৰ বয়স নূন্যতম ২৫ (পঁচিছ) বছৰ হ’ব লাগিব আৰু শিক্ষাগত অৰ্হ’তা নুন্যতম দশম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব।
  • আবেদনকাৰী শাৰীৰিক আৰু মানসিকভাৱে সবল হ’ব লাগিব।
  • আবেদনকাৰী আৰ্থিকভাৱে দেৱলীয়া আৰু কোনো চৰকাৰী ধনৰ দেনাদাৰ হ’ব নালাগিব।
  • আবেদনকাৰী চৰকাৰী চাকৰিয়াল হ’ব নালাগিব।
  • আবেদনকাৰী নিজৰ নামত সংশ্লিষ্ট গাৱত স্থাৱৰ সম্পত্তি থাকিব লাগিব।
  • আবেদনকাৰী কোনো ৰাজনৈতিক দলৰ সদস্য হ’ব নালাগিব।
  • আবেদনকাৰী সমাজৰ এজন উচ্চ মৰ্য্যদা সম্পন্ন তথা সন্মানীয় আসন থকা ব্যক্তি হোৱাটো বাঞ্চনীয়।
  • আবেদনকাৰী প্রাকৃতিক দুৰ্য্যোগ বা অন্যান্য চৰকাৰী কাৰ্য্যসূচীত অংশগ্ৰহণকাৰী তথা চৰকাৰক সহযোগ কৰা ব্যক্তি হোৱাটো বাঞ্চনীয়।
  • আবেদনকাৰীৰ দুটাতকৈ অধিক সন্তান থাকিব নালাগিব।

অবেদনৰ লগত তলত উল্লেখ কৰা প্ৰমাণ পত্ৰ সমূহ দাখিল কৰাটো বাধ্যতামূলকঃ-
১। স্থায়ী বাসিন্দাৰ প্রমাণ পত্ৰ ।
২। বয়স আৰু শিক্ষাগত অৰ্হ’তাৰ প্রমাণ পত্ৰ। (অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ড /অনুষ্ঠানৰ প্রমাণ পৰ্ব সংলগ্ন কৰিব)
৩।বাকীজাই দেনামুক্ত প্রমাণ পত্ৰ।

৪৷ স্থাৱৰ সম্পত্তিৰ প্ৰমাণ পত্ৰ (কম্পিউটাৰ দ্বাৰা উলিওৱা শেহতীয়া জমাবন্দী, মাটি থকাৰ প্ৰমাণ পত্ৰ ,খাজনা আদায় দিয়া ৰাচিড ইত্যাদি )

৫৷ আবেদনকাৰীৰ দুটাতকৈ অধিক সন্তান নাই বুলি স্পষ্টকৈ উল্লেখ কৰি এখন শপতনামা দাখিল কৰিব লাগিব।আবেদনকাৰীয়ে দাখিল কৰা প্রমাণ পত্ৰ সমূহ যদি ভুৱা বুলি প্রমাণিত হয় তেন্তে তেখেতৰ প্রাৰ্থাত্ব তাৎক্ষণিকভাৱে নাকচ কৰাৰ লগতে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আবেদন পত্র শিৱসাগৰ জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ত ইংৰাজী ০৬.০৭.২০২০ তাৰিখৰ বিয়লি ৫.০০ বজ্ঞাৰ ভিতৰত দাখিল কৰিব লাগিব।

উক্ত গীওবুঢ়া পদৰ বাবে অহা ইংৰাজী ২২.০৭.২০২০ তাৰিখে দিনৰ ১১.০০ বজাৰ পৰা উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত সাক্ষাৎকাৰ অনুষ্ঠিত হ’ব।

 


Share to your near and dear ones
  • 10
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
    10
    Shares

Add a Comment

Your email address will not be published. Required fields are marked *