কি দান সৰ্বশ্ৰেষ্ঠ দান , What would be the best donation in your life

 

what is the best donation

সকলোৱে জানে যে দান কৰাটো কিমান এটা ভাল কাম , সৎ কাম । আজি আপোনালোকক কবলৈ লৈছোঁ যে কি দান সৰ্বশ্ৰেষ্ঠ দান | দান কেনেকৈ কৰিলে ভাল, দান কিয় কৰিব লাগে ইত্যাদি | আমি মানৱ জীৱন অর্জন কৰিছোঁ একমাত্ৰ পূণ্য অর্জন কৰিবৰ বাবে ,পাপ অর্জন কৰিবলৈ নহয় | গতিকে কিছুমান পুণ্য কাম কৰিবলৈও আমাক নেদেখা জনে পঠাইছে এই পৃথিৱীলৈ | সকলোৱে গতিকে অলপ অলপ হলেও সৎ কাম কৰি পূণ্য সংশয় কৰিবলৈ চেষ্টা কৰিব লাগে | কাৰণ কৰ্ম ফল অনিবাৰ্য , ইয়াৰ কোনো বিকল্প নাই | ভাল কৰ্ম ফল ভাল, বেয়া কৰ্ম ফল বেয়া , কেতিয়াবা দুদিন দেৰি হব পাৰে কিন্তু কৰ্ম ফল নিশ্চয় আছে |

দান কিয় কৰিব লাগে :

ভুল সকলোৰে হয় । ই স্বভাবিক । কিন্তু এটা ঠিক অজ্ঞানত ভুল বেছি হয় সেয়েহে জ্ঞানক শক্তি বুলি কয় । সেয়েহে জানি কৰা ভুল নতুবা অজানিতে কৰা ভুলৰ পুনৰাবৃত্তি কৰাটো ডাঙৰ ভুল । সেয়েহে দান কৰিব লাগে যাতে এই ভুল কৰা নতুবা পাপ কৰাবোৰ খণ্ডন-পূণ্য হয় ।

আজি কিছুমান কথা দানৰ বিষয়ে কম যাতে আপোনাকে কিছু কথা অৱগত হয় ।

  1.  দান, ধন দিয়া মানে দান কৰা নুবুজায় । দান কৰিবলৈ মনৰ প্ৰয়োজন হয় , ধনৰ নহয় । এটা বিশুদ্ধ মনেহে দান কৰিব পাৰে । ধনী আৰু বিশুদ্ধ মনৰ মাজত এইখিনিত এটা পাৰ্থক্য আছে । বহুত মানুহ দেখা যায় যি ধনী কিন্তু দান কৰিব একেবাৰে নোৱাৰে । কিন্তু আৰ্থিক ভাৱে দুৰ্বল হলেও কিছুমান মানুহে দান কৰিবলৈ আগবাঢ়ি আহে |
  2. দান সদায় সমৰ্থ অনুযায়ী হয় , কাৰোবাৰ বেছি আছে সেয়েহে বেছিকৈ দান কৰিছে , কাৰোবাৰ কম সামৰ্থ আছে সেয়েহে কম কৰিছে । ক্ষমতা , সামৰ্থ অনুযায়ীহে দান হয়
  3. আপুনি যেতিয়া দান কৰিব তেতিয়া একো আশা নকৰিব ।আপুনি নিঃস্বাৰ্থ ভাবে , বিনা মোহে , আশা নকৰাকৈ দান কৰক । দান কৰি আশা কৰাটো দান বুলি কব নোৱাৰে
  4. দান সদায় সন্তুষ্টিত কৰিব । দান কৰি যদি পষ্টাই থকা ভাব আনে নতুবা দান কৰি আক্ষেপ আনে তেতিয়া এই দান ফল নধৰে । সদায় দান কৰি সন্তুষ্টি , মুখত হাঁহি থাকিব লাগিব
  5. দান কৰি প্ৰচাৰ নকৰিব । দান কৰি সামাজিক মাধ্যমত দিয়াটো এক প্ৰকাৰৰ প্ৰচাৰ হয় । দান কৰিবলৈ প্ৰভুৱে পঠাইছে , গতিকে দান কৰাটো নেদেখাজনে দেখি আছে । তেওঁ আপোনাক নিশ্চিত ফল দিব । প্ৰচাৰৰ প্ৰয়োজন নাই |
  6. দান কৰিলে নিৰ্বলিক কৰিব । যি আপোনাতকৈ দুর্বল, যাৰ প্ৰয়োজন আছে । তেওঁলোকক কৰিব । আপোনাৰ দানৰ দ্বাৰা কাৰোবাৰ প্ৰয়োজন পূৰণ হব লাগে |
  7. গুপ্ত দান মহান দান । এইষাৰ কথা শাস্ত্ৰত কোৱা হৈছে । দান কৰিব আৰু গুপনে কৰিব । দান কৰি পাহৰি যাওক । তেতিয়া ইয়াৰ ভাল ফল পাব । ইয়াতকৈ শ্ৰেষ্ঠ বেলেগ একো হব নোৱাৰে | দাতা হিচাপে যদি কোনো ঠাইত নাম লিখাই দিয়াটো ভুল । যদি মৃত মানুহৰ সোঁৱৰণত দিছে তেতিয়া একো ক্ষতি নহয় । কিন্তু দিছোঁ বুলি প্ৰমাণৰ বাবে নাম লিখোৱাটো এক লজ্জাজনক কথা |
  8. আপোনাৰ দানৰ দ্বাৰা আন 10 জন যদি উপকৃত হয় অৰ্থাৎ ৰাজহুৱা স্থান যেনে নামঘৰ, মন্দিৰ ইত্যদিত কৰা দান আন এক শ্ৰেষ্ঠ দান বুলিব পাৰি |
  9. দান যদি নিয়মীয়া ভাবে যদি কৰিব পাৰে তেতিয়া ই সকলোতকৈ ভাল

দান আমি কিয় কৰোঁ ? আমি দান কৰো কাৰোবাৰ মুখত হাঁহি , কাৰোবাৰ চকুপানী মুচি দিবলৈ , কাৰোবাৰ দুখ খন্তেকৰ বাবে হলেও সুখত পৰিনত কৰিবলৈ । গতিকে দান কৰক আৰু নিজৰ লগতে আনকো সুখী কৰিবলৈ চেষ্টা কৰক ।

 

ajax loader

Leave a Reply